গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুলাই: ২ অক্টোবৰ ২০১৪ ইং তাৰিখে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হৈছিল স্বচ্চ ভাৰত অভিযান যাৰ উদ্যেশ্য আছিল এখন স্বচ্ছ ভাৰত গঢ়ি তোলাৰ ২০১৯ ইং বৰ্ষৰ ভিতৰত। এই মহান অভিযানৰ প্ৰচাৰৰ বাবে পশ্চিম বংগৰ ৪৫ বছৰীয়া দেৱেন্দ্ৰ নাথ বীৰ নামৰ ব্যাক্তি জনে এটা অদ্ভুত প্ৰচেষ্টা হাতত লৈছিল । তেখেতে ভাৰতৰ ৩৩ খন ৰাজ্য ( প্ৰায় ২২০০০ক:মি) এখন চাইকেলেৰে ভ্ৰমণ কৰাৰ লক্ষ্য বান্ধি লৈছিল। এখন এনেকুৱা চাইকেল য’ত পেডেল আৰু চিটৰ সুবিধা নাই, হাতেৰে দোলাব লাগে এই চাইকেলখন । এই প্ৰচেষ্টাত তেখেতৰ লগত আছে তেখেতৰ ৩২ বছৰীয়া ভাগিন আকাশ কাৰণ । প্ৰায় ১৫০০ কি:মি পথ অতিক্ৰম কৰি তেওঁলোক শনিবাৰে গুৱাহাটীত উপস্থিত হৈছে ।তেওঁলোকে শনিবাৰে আৰু ৰবিবাৰে বৰঝাৰৰ বিমানবন্দৰৰ সমীপৰ বঙৰা এয়াৰফোৰ্চগেটত জিৰণী লৈ সোমবাৰে চিকিম অভিমূখে ৰাওনা হ’ব ।