কলগাছিয়া, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ: ৰাজ্যত বুধবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ১০৮ আৰু ১০২ এম্বুলেন্স সেৱা। দীৰ্ঘদিন ধৰি ১০৮ আৰু ১০২ ৰ কৰ্মচাৰী সকলে তেওঁলোকৰ সমস্যাসমূহ বলপূৰ্বক ভাৱে ৮ ঘণ্টাৰ পৰিবৰ্তে ১২ ঘণ্টা কাম কৰোৱা বন্ধ কৰা, ২০১৬ আৰু ২০১৭ ৰ ভাট্ৰা প্ৰদান, বহিঃৰাগত কোম্পানীয়ে এই সকল কৰ্মচাৰীৰ ওপৰত শোষণ বন্ধ কৰাৰ সমাধানৰ দাবী জনাই আহিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। তাৰ প্ৰতিবাদতে কর্মবিৰতি পালন কৰে এই সকল কৰ্মচাৰীয়ে। এই সম্পৰ্কে চৰকাৰকো অৱগত কৰাৰ পাছতো বিহীত ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰে ১০৮ আৰু ১০২ ৰ কৰ্মচাৰী সকলে। সমগ্ৰ অসমৰ লগতে কলগাছিয়াতো কৰ্মবিৰতি পালন কৰে ১০৮ আৰু ১০২ ৰ কৰ্মচাৰী সকলে। ইয়াকে লৈ ৰোগী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যেতিয়ালৈকে চৰকাৰে কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে ১০৮ আৰু ১০২ ৰ কৰ্মচাৰীয়ে কামত যোগদান নকৰে বুলি অভিযোগ কৰে।