সৰভোগ, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ: পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ অন্তত পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে দিছপুৰৰ গাদী দখল কৰিলে যদিও কৰ্মত পূৰ্বৰ চৰকাৰ খনৰ দৰেই ফুটুকাৰ ফেনলৈ পৰিণত হোৱা দেখা গল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টিৰ পথৰ দুৰৱস্থা। ১৯৯০ চনৰে চি পি আই এম দলৰ বিধায়ক হেমেন দাসৰ কালতে সৰভোগ সমষ্টিৰ কলিতাপৰা, গোলাপাৰা, পেৰাগাওঁ, চুইলাকাটাকে আদি কৰি ভালে সংখ্যক গাঁওৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথ আছিল বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টিৰ পথছোৱা। বর্তমান উক্ত পথটোৰ একেবাৰে শোচনীয় অৱস্থা। যাতায়তৰ বাবে অনুপযোগী হৈ দুৰ্ভোগ ভুগিব লগীয়া হৈছে সৰভোগ সমষ্টিবাসীয়ে। প্ৰতিদিনে সৰু বৰ যান বাহন চলাচল কৰাৰ লগতে আনকি পথছোৱাৰ ওপৰতে নতুনকৈ এফ চিৰ গুদামো স্থাপন কৰা হৈছে যত নিতৌ ডাঙৰ ডাঙৰ মালবাহী গাড়ী অহা যোৱা কৰে। বৰ্তমান পথটোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰাৰ ফলত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰৱল। চি পি আই এম দলৰ বিধায়ক হেমেন দাসৰ কালতে পথছোৱাত যি মাটি পেলোৱা হৈছিল, তেতিয়াৰ পৰা আজি পৰ্যন্তলৈ চৰকাৰৰ বিয়াগোম গৰকাপ্তানী বিভাগ তথা জনপ্ৰতিনিধিয়ে পথটোৰ কোনো ব্যৱস্থা হাতত লোৱা নাই। এই ক্ষেত্ৰত স্থানীয় ৰাইজে বাৰে বাৰে আবেদন কৰি অহাৰ লগতে স্মাৰক পত্ৰও প্ৰদান কৰি আহিছে। গতিকে অতি সোনকালে পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰি ৰাইজৰ যাতায়তৰ বাবে সুবিধা কৰি দিব লাগে বুলি পুনৰবাৰ কাতৰ অনুৰোধ জনায় সমষ্টিটোৰ ৰাইজে।