কলগাছিয়া, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ: কলগাছিয়াৰ পৰা বালিকুৰী হৈ ময়নবড়ীলৈ যোৱা গড়কাপ্তানি পথ মেৰামতিৰ দাবীত বুধবাৰে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কৰি বিধায়ক আব্দুল খালেক, গড়কাপ্তানি বিভাগ, আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও টায়াৰ জ্বলাই বিক্ষোভো প্ৰদৰ্শন কৰে। উল্লেখ্য যে, বৰপেটা জিলাৰ সৰভোগ গ্রাম্য পথ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ পৰা বালিকুৰী হৈ ময়নবড়ীলৈ যোৱা গড়কাপ্তানি পথটো বিগত ৮ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক আব্দুল খালেকে মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কৰে। বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক আব্দুল খালেকে যদি অতিশীঘ্ৰে এই পথটো মেৰামতি কৰাৰ ব্যৱস্থা নকৰে তেন্তে জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।