অভয়াপুৰী, সংবাদ ৩৬৫, ৪ জুলাইঃ বঙাইগাঁও জিলাৰ অভয়াপুৰি আৰক্ষী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা প্ৰথম খণ্ড গাঁৱত এগৰাকী বোৱাৰী নিৰ্যাতন বলি হ’ব লগা হৈছে। যোৱা ১৪ জুনত সংঘটিত হোৱা ঘটনা অনুসৰি মাটিক কেন্দ্ৰ কৰি ছাহিদা খাতুন নামৰ এগৰাকী বোৱাৰীক স্বামীৰ ডাঙৰ ভাই হজৰত আলী আৰু সৰু ভাই নুৰনবী আজাদে লাঠি আৰু ৰডেৰে প্ৰহাৰ কৰে। ছাহিদা খাতুনৰ শহুৰে পুত্ৰ নাছিৰ উদ্দীনক প্ৰদান কৰা মাটি হজৰত আলী আৰু নুৰনবী আজাদে বেদখল কৰিব বিচৰাত ছাহিদা খাতুনে বাধা প্ৰদান কৰাত হজৰত আলী আৰু নুৰনবী আজাদে ছাহিদাক আক্ৰমণ কৰে। আক্ৰমণৰ ফলত আঘাতপ্ৰাপ্ত যোৱা ছাহিদাক স্থানীয় মহিলা সমিতিয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰি মানিকপুৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে। আক্ৰমণত এখন হাত ভঙাৰ লগতে বুকুত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত ছাহিদাক উন্নত চিকিৎসাৰ বাবে কলগাছিয়া অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাৰ সংক্ৰান্তত অভয়াপুৰী আৰক্ষী থানাৰ অধীনৰ কোকিলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয় যদিও আৰক্ষীয়ে আচামিক গ্ৰেপ্তাৰ কৰি এৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় মহিলা সমিতিয়ে। উল্লেখ্য যে, এই ঘটনাৰ লগত জড়িত অভিযুক্ত দুজন উক্ত মাটিক কেন্দ্ৰ কৰি ইয়াৰ পূৰ্বেও ছাহিদা খাতুনক মাৰপিট কৰিছিল।