বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৪ জুলাইঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত বুধবাৰে বিয়লি আয়োজিত এক অনুষ্ঠানত বিশ্বনাথ জিলাৰ সাংবাদিক সকললৈ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা স্বীকৃতি-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশ্বনাথৰ ১৫ গৰাকী সাংবাদিকক উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই আনুষ্ঠানিকভাৱে স্বীকৃতি পত্ৰ প্ৰদান কৰে। স্বীকৃতি পত্ৰ লাভ কৰা সাংবাদিক সকলক শুভেচ্ছা জনাই উপায়ুক্ত গৰাকীয়ে তেওঁলোকৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে ভাষণ প্ৰদান কৰাৰ লগতে সাংবাদিক সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়েও চমুকৈ উল্লেখ কৰে। সাংবাদিক সকলক স্বীকৃতি পত্ৰ বিতৰণ কৰি আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে কয় যে আজিৰ পৰা স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলৰ দায়িত্ব দুগুণে বাঢ়িল। অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, প্ৰেছ এক্ৰিডিটেশ্যন সমিতিৰ সাংবাদিক সদস্যদ্বয় ক্ৰমে নৰেন বৰা আৰু হেমন্ত শইকীয়াই ভাষণ প্ৰদান কৰি স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলৰ বাবে চৰকাৰে প্ৰদান কৰা সা-সুবিধাসমূহৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য যে নৱগঠিত বিশ্বনাথ জিলাৰ সাংবাদিক সকলে আজি পৰ্যন্ত স্বীকৃতি পত্ৰ লাভ কৰা নাছিল, যাৰ বাবে ৰাজ্য চৰকাৰে সাংবাদিক সকলৰ বাবে সময়ে সময়ে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ সুফল লাভৰ পৰা তেওঁলোক বঞ্ছিত হ’ব লগা হৈছিল। জিলা উপায়ুক্ত আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ তৎপৰতাত বুধবাৰে জিলাখনৰ সাংবাদিক সকলৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ল। সাংবাদিক সকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা এনে ইতিবাচক পদক্ষেপৰ বাবে জিলাখনৰ সাংবাদিক সকলে উপায়ুক্ত, আৰক্ষী অধীক্ষক, জনসংযোগৰ সঞ্চালক আৰু বিশ্বনাথৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত গহপুৰ মহকুমাৰ ১১ গৰাকী সাংবাদিকক আনুষ্ঠানিকভাৱে স্বীকৃতি-পত্ৰ বিতৰণ কৰা হ’ব।