ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ০৪ জুলাইঃ দিনক দিনে বৃদ্ধি পাই আহিছে শিশু শ্ৰমিক৷ বৰ্তমান সময়ত শিশু শ্ৰমিক বিষয়টোৱে এক চৰ্চা লাভ কৰিছে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পেঙেৰী শাখাই তিনিচুকীয়াৰ পেঙেৰীৰ এখন ব্যক্তিগতখণ্ডত মংগলবাৰে পুৱাই অভিযান চলোৱাৰ মূহূৰ্ততেই চাহ বাগিছা খনৰ পৰা ১২ জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰে আটচাই৷ উল্লেখ্য যে, চৰকাৰ কিম্বা প্ৰশাসনৰ সোপাধিলা মনোভাৱৰ বাবে অঞ্চলটোত শিশু শ্ৰমিক সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছে৷ বাগিছা কতৃ্পক্ষ সমূহে চৰকাৰী আইন তথা নীতি নিৰ্দেশনা আওকান কৰি কেৱল মুনাফা লুটাৰ স্বাৰ্থত এইদৰে বাগিছাত চাহ পাত চিঙিবৰ বাবে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে৷ আটচা পেঙেৰী শাখাই এই সকল শিশু শ্ৰমিকক উদ্বাৰ কৰি তেওলোকে যাতে শিক্ষাৰ সুবিধা লাভ কৰে তাৰ বাবে বাগিছা কতৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনোৱাৰ লগতে দুনাই যাতে এইদৰে বাগিছাত শিশু শ্ৰমিক নিয়োজিত নকৰে তাৰ বাবে সাবধান কৰি দিয়ে৷