গুৱাহাটী, সংবাদ ৩৬৫, ১৫ আগষ্ট: সমগ্ৰ দেশৰ লগতে অসমতো বুধবাৰে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিভিন্ন জনে বিভিন্ন ধৰণৰ বিভিন্ন কাৰ্যসূচীৰে বাইক ৰেলী, চাইকেল ৰেলী, ৰক্তদান শিবিৰ, গছপুলি ৰোপণ আদিৰে মহানগৰী গুৱাহাটীত স্বাধীনতা দিৱস উদযাপন কৰে। বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসলায় মহাবিদ্যালয় খেল পথাৰত চৰকাৰী ভাৱে উদযাপন কৰা ৭২ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠানত লোকে লোকাৰণ্য হৈ পৰে। পুৰুষ, মহিলা, শিশু, বৃদ্ধ সকলোৱে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ পশু চিকিৎসলায় মহাবিদ্যালয় খেল পথাৰত ভিৰ কৰা পৰিলক্ষিত হয়। স্বাধীনতা দিৱস অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক উদ্দ্যেশি প্ৰদান কৰা ভাষণত কয় যে অসমবাসী ৰাইজৰ স্বাভিমান আৰু মৰ্যদা সদা অক্ষুণ্ণ ৰখাটোৱেই সোনোৱাল চৰকাৰৰ অন্যতম লক্ষ্য। চুড়ান্ত এন আৰ চিত কোনা বিদেশীৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে চৰকাৰে চোকা দৃষ্টি ৰাখিছে। এন আৰ চিৰ কামৰ লগত জড়িত ৰাজ্যৰ ৫৫ হাজাৰ বিষয়া-কৰ্মচাৰীক শলাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। অসমক এখন দুৰ্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসমুক্ত আৰু প্ৰদূষনমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলা আমাৰ লক্ষ্য বুলিও মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীয়ে। দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি চৰকাৰ খনে কঠোৰ পদক্ষেপ লৈছে। অসম লোকসেৱা আয়োগৰ দুৰ্নীতিত জড়িত ৫২ গৰাকী বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ভাষণত তিনিচুকীয়া জিলাৰ বৰডুমচাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিয়া আৰক্ষী বিষয়া ভাষ্কৰ কলিতাকো শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বানপানীৰ সময়ত দুৰ্গত ৰাইজ তথা জীৱ-জন্তুৰ আশ্ৰয় গ্ৰহণৰ বাবে সামুহিক আশ্ৰয় শিবিৰ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ বাবে ‘সংস্কাৰ মানুহে মানুহৰ বাবে’ নামেৰে আছনি গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।