বিশ্বনাথ চাৰিআলী, সংবাদ ৩৬৫, ১৫ আগষ্ট: বিশ্বনাথ নৰ্ডান ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বন কৰ্মী দল এটাই এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ বিশ্বনাথ জিলাৰ গড় আলিৰ পৰা বুধবাৰে এটা প্ৰকাণ্ড দুষ্প্ৰাপ্য জীৱিত কাছসহ দুজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন ব্যক্তি দুজনৰ পৰা নাও, জাল, বৰশীসহজব্দ কৰে । আটকাধীন ব্যক্তি দুজনক্ৰমে ইন্টাজ আলি আৰু মহম্মদ ইছাৰ আলি। অধিক তথ্যৰ বাবে বন বিভাগে আটক কৰা ব্যক্তি দুজনক বন বিভাগৰ কাৰ্যালয়লৈ আনি সোধ পোচ অব্যাহত ৰাখিছে । ইফালে কাছ উদ্ধাৰকলৈ এক ৰহস্যৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথতে ।