ওদালগুৰি, সংবাদ ৩৬৫, ১৫ আগষ্ট: সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনকলৈ ব্যস্ত থকা সময়তে এক অঘটন সংঘটিত হয় ওদালগুৰিত।জিলা খনৰ ভাৰত-ভূটান সীমান্তত থকা আমজুলি মিলনজ্যোতি এম ই স্কুলত মঙ্গলবাৰে নিশা কোনো দুৰ্বৃত্তই এখন কলা পতাকা উত্তোলন কৰা ঘটনাক লৈ ওদালগুৰিত তীব্ৰ চাঞ্চল্য সৃষ্টি হয়। বুধবাৰে ৰাতিপুৱা বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে পতাকা উত্তোলনৰ বেদীত কোনো দুৰ্বৃত্তই উত্তোলন কৰা কলা পতাকা খন দেখি শংকিত হৈ পৰে। এই ঘটনা কোনে সংঘটিত কৰিছে স্পষ্ট নহয় যদিও এই ঘটনা কোনো উগ্ৰপন্থী সংগঠনে সংঘটিত কৰিব পাৰে বুলিও অনুমান কৰিব পাৰি । ইতিমধ্যে আৰক্ষীৰ দলে কলা পতাকা খন জব্দ কৰিছে। এই সন্দৰ্ভত ওদালগুৰিৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক প্ৰশ্ন কৰা হৈছিল যদিও ঘটনাৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষক জন।