মৰিগাঁও, সংবাদ ৩৬৫, ৮ জুলাইঃ অসমত চাকৰি কৰিবলৈ হ’লে অসমীয়া ভাষা অথবা যিকোনো থলুৱা ভাষা জানিব লাগিব, অন্যথা অসমত চাকৰি কৰিবলৈ দিয়া নহ’ব দেওবাৰে মৰিগাঁও জিলাত এখন সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। ৰাজবংশীয়ে আৰু কয় যে অসমত চৰকাৰী আৰু বেচকৰাকী অনুষ্ঠান সমূহত চতুৰ্থ বৰ্গৰ পৰা শীৰ্ষ পৰ্যায়লৈকৈ চাকৰি কৰিবলৈ হ’লে অসমীয়া ভাষা অথবা থলুৱা ভাষা জানিব লাগিব। অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে চৰকাৰকো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত অসমীয়াভাষীৰ সংখ্যা ১১ শতাংশ হ্ৰাস পাইছে। অসমীয়াভাষীৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে হিন্দী আৰু বাংলাভাষীৰ সংখ্যা বৃদ্ধি পোৱাত অসমতে অসমীয়া ভাষা সংকটত পাৰিছে। অসমীয়া ভাষাৰ সংকটৰ এই সময়ছোৱাত অসমীয়া ভাষা ৰক্ষাৰ অৰ্থে অসম সাহিত্য সভাই কিছুদিন পূৰ্বে এক ৰাইজমেল অনুষ্ঠিত কৰি সমাজৰ বিভিন্ন বৰ্গৰ বিশিষ্ট লোকসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছিল। ৰাইজমেলত অসমৰ বিশিষ্ট ভাষাবিদ ডঃ ৰমেশ পাঠকে পৰামৰ্শ আগবঢ়াই কৈছিল যে অসমীয়া ভাষা ৰক্ষাৰ বাবে ৰাজ্যৰ চৰ অঞ্চলৰ মুছলমান আৰু চাহ জনগোষ্ঠীৰ লোকসকলক সমমৰ্যাদা আৰু সন্মান প্ৰদান লাগিব।