বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৮ জুলাইঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ বাঘমৰা আঞ্চলিক সমিতি দেওবাৰে আনুষ্ঠানিকভাৱে গঠন হয়৷ বিহালীৰ জিনজিয়া ৰাজহুৱা সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি অমিত কিণ্ডই সভাপতিত্ব কৰে৷ আনহাতে, বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুনীল কিষানে আঁত ধৰা সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ জিলা আছাৰ সম্পাদক অজিৎ কূৰ্মী, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি জন তিৰ্কী, জিলা সাংস্কৃতিক সম্পাদক বিনোদ হ’ৰ, কোষাধক্ষ্য ৰাজেন সৎনামী, বিহালী আঞ্চলিক আছাৰ সভাপতি সঞ্জীৱ কুমাৰ তাঁতি, তিনিসুঁতি আঞ্চলিক আছা সমিতিৰ সভাপতি দুলদুল কৰ্মকাৰ, বিশ্বনাথ জিলা আছাৰ প্ৰাক্তন সভাপতি ৰবীন ঘাটোৱাৰ, স্থানীয় সমাজকৰ্মী ইন্দ্ৰজিৎ ওৰাঙকে কৰি বহু কেইজন গন্য মান্য ব্যক্তি৷ ইফালে, নৱ গঠিত বাঘমৰা আঞ্চলিক সমিতিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় কৃষ্ণ খদাল, উপ-সভাপতিদ্বয় জীৱন হাপ্পা আৰু শিৱ মুণ্ডা, সম্পাদক অৰ্জুন মুণ্ডা, সহঃসম্পাদকদ্বয় অভিজিৎ কিষান আৰু জিৰ্কু কৰ্মকাৰ আৰু শিক্ষা সম্পাদক বাবা গোৱালাকে ধৰি মুঠ ২৯ জনীয়া সমিতি গঠন কৰা হয়।