ৰঙিয়া, সংবাদ ৩৬৫, ৬ জুনঃ কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত বুধবাৰে সন্ধিয়াৰ ভাগত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্থ হয়। জানিব পৰা মতে বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এএছ-০১-ডিজি-৩০৭৯ নম্বৰৰ মন্ত্ৰী গৰাকীৰ ইনভা বাহনে গৰুক খুন্দা মৰাত এছকৰ্টৰ লগত থকা অন্য এখন বাহনে মন্ত্ৰী গৰাকীৰ ইনভা বাহনখনক পিছফালৰ পৰা খুন্দা মৰাত কথমপি প্ৰাণ ৰক্ষা পৰে মন্ত্ৰীসহ কেইবাজনো ব্যক্তিৰ। মন্ত্ৰী ফণী ভূষনে চৌধুৰীৰ গাড়ীৰ খুন্দাত আহত হোৱা গৰুটোৰ গৰাকীক মন্ত্ৰী গৰাকীয়ে চিকিৎসাৰ খৰছ প্ৰদান কৰি অন্য এখন গাড়ীত উঠি গুৱাহাটী অভিমুখে যাত্ৰা কৰে।