গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুলাইঃ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূম কাণ্ডই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত আৰু শ্ব’ৰূমখনৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক আৰক্ষীয়ে আটক কৰি কাৰাগৰলৈ প্ৰেৰণ কৰাৰ পিছত ঋষভ জ্যেষ্ঠ ভাতৃ আৰু মাতৃয়ে ক্ষমা খুজিলে অসমবাসী ৰাইজৰ আগত। সোমবাৰে ঋষভৰ ভাতৃ আৰু মাতৃয়ে গণেশগুৰিস্থিত মুখেশ হুণ্ডাই শ্ব’ৰূমত এক সংবাদ মেল আয়োজন কৰি সংবাদ মাধ্যমৰ আগত ক্ষমা খুজিলে। ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি ঋষভৰ মাতৃ কবিতা হিম্মতসিংকাই কয় যে ঋষভৰ ব্যৱহাৰৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। উল্লেখ্য যে, মহানগৰীৰ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূমৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই কছুদিন পূৰ্বে এজন কৰ্মচাৰী কাণত ধৰি আঠু কঢ়াই শাস্তি প্ৰদান কৰি কেক কাটি বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰাৰ কেইখনমান ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঋষভ হিম্মৎসিংকাৰ এই কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি ঋষভ হিম্মৎসিংকাক ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ পিছত বিগত কেইবাদিন ধৰি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আত্মগোপন কৰি থকা ঋষভ হিম্মৎসিংকা দিছপুৰ আৰক্ষীয়ে দেওবাৰে সোনাপুৰৰ ডিচাং ৰিৰ্জটৰ পৰা আটক কৰে।