হোজাই, সংবাদ ৩৬৫, ৯ জুলাইঃ হোজাই জিলাৰ লংকাৰ উদালীত এক আৰ্চ্যয্যজনক ঘটনা সংঘটিত হৈছে। লংকাৰ উদালীত বসবাস কৰা এটি পৰিয়ালৰ তিনিজন সদস্যৰ বিৰুদ্ধে ৰুজু হৈছে বিদেশীৰ গোচৰ। বিদেশীৰ গোচৰ ৰুজু হোৱা মইনউদ্দিন লস্কৰ, তেওঁৰ সহধৰ্মীনি মমতাজ বেগম আৰু সন্তান মঞ্জুৰ আৰক্ষীৰ ভয়ত ঘৰৰ দৰ্জাত বাহিৰৰ পৰা তলা লগাই ভিতৰত আত্মগোপন কৰিৱলৈ বাধ্য হৈছে। উল্লেখ্য যে, হোজাই জিলাৰ লংকাৰ উদালীৰ বৰদলৈ পথাৰৰ স্বৰ্গীয় নিচাৰ আলীৰ জেষ্ঠ পুত্ৰ মইনউদ্দিন লস্কৰ, তেওঁৰ পত্নী আৰু সন্তানৰ বিৰুদ্ধে কিছুদিন পূৰ্বে আদালতৰ পৰা আহিছিল সন্দেহযুক্ত নাগৰিকৰ জাননী। উক্ত জাননী সন্দৰ্ভত মইনউদ্দিনে উকীলৰ সহায়ত যাৱতীয় প্ৰমাণ পত্ৰ আদালত দাখিল কৰিছিল যদিও মইনউদ্দিনে ঘটনা সক্ৰান্তত অধিক গুৰুত্ব প্ৰদান নকৰাত শংকৰদেৱ নগৰৰ আদালতৰ পৰা মইনউদ্দিন, তেওঁৰ পত্নী আৰু সন্তানৰ বিৰুদ্ধে চমন অহাৰ পিছত উক্ত পৰিয়ালটেৱে শংকৰদেৱ নগৰৰ আদালতকে ধৰি লংকাৰ বিদেশী ন্যায়ধীকৰণ আদালত, গুৱাহাটী উচ্চ ন্যায়লয়ত ভাৰতীয় নাগৰিক হোৱাৰ পৰ্যাপ্ত পৰিমানৰ অাইনী ব্যৱস্থা লোৱাৰ লগতে যাবতীয় নথি-পত্ৰ পদৰ্শন কৰিও একো সুফল লাভ নকৰাত আৰক্ষীৰ ভয়ত পলাই থাকিব লগা হয় পৰিয়ালটো। পৰিয়ালটোৱে আৰক্ষীৰ ভয়ত নিজৰ ঘৰৰ দৰ্জাত বাহিৰৰ পৰা তলা লগাই ঘৰৰ ভিতৰত আত্মগোপন কৰি থকা পৰিলাক্ষীত হয়। মইনউদ্দিনৰ পিতৃ হাজি নিচাৰ আলী প্ৰকৃততে অবিভক্ত নগাঁও জিলাৰ যমুনামূখ সমষ্টিৰ বালিৰাম গাঁৱৰ বাসিন্দা আছিল। নিচাৰ আলী লস্কৰক ১৯৬৭ চনৰ ৭ অক্টোৱৰত অবিভক্ত নগাঁও জিলাৰ সেই সময়ৰ উপায়ুক্ত গৰাকীয়ে যমুনামূখৰ স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ প্ৰদান কৰাৰ লগতে ১৯৩০ চনতৰ স্বৰ্গীয় হাজি নিচাৰ আলীৰ পিতৃ স্বৰ্গীয় হাজি মনোৱাৰ আলীৰ নামত যমুনামূখত ম্যাদি পত্তা থকা মাটিৰ নামজাৰি নথি পত্ৰও আছে। ১৯৬৬ চনতৰ ভোটাৰ তালিকাতো হাজি নিচাৰ আলীৰ নাম আৰু নিচাৰ আলিৰ পিতৃ স্বৰ্গীয় হাজি মনোৱাৰ আলীৰ নাম আছে। যমুনামূখত প্ৰতি বছৰে হোৱা বানপানীয়ে অঞ্চলটো বুৰাই পেলোৱাৰ বাবে ওখ ঠাই বিচাৰি পৰিয়ালটোৱে যমুনামূখৰ পৰা আহি লামডিং সমষ্টিৰ অন্তৰ্গত লংকাৰ উদালীৰ বৰদলৈ পথাৰত আশ্ৰয় লৈছিল। আনহাতে আকৌ মইনউদ্দিনৰ পিতৃ হাজি নিচাৰ আলী বিগত সপ্তম দশকৰ পৰাই প্ৰায় ২০ দশক ধৰি লংকা আৰক্ষী থানাৰ মেনেজিং সমিতিৰ সভাপতি আছিল। মাটিৰ দলিলৰ পৰা আদি কৰি ভাৰতীয় নাগৰিক হোৱাৰ প্ৰতিখন নথি-পত্ৰই ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমান থকাৰ পিছতো মাননীয় আদালতে কিয় মইনউদ্দিনসহ তেওঁৰ পৰিয়ালক বিদেশী সজালে তাক লৈ চিন্তিত হৈ পৰিছে মইনউদ্দিনৰ বংশৰ লোক সকলৰ লগতে স্থানীয় বাসিন্দা সকল। আদালতে মইনউদ্দিনৰ পূৰ্বৰ প্ৰজন্ম ইমান দিন ভাৰতৰ অংশ ৰাজ্য অসমত বসবাস কৰি থকাৰ পিছতো পৰিয়ালৰ লোকসহ মইনউদ্দিন কেনেকৈ সন্দেহযুক্ত নাগৰিক হ’ল ইয়াক লৈ অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।