নগাঁও, সংবাদ ৩৬৫, ৯ জুলাইঃ এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যখনৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই আনিছে মহাবহু ব্ৰহ্মপুত্ৰই। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বহু মাটিকালি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে যদিও অভয়াৰণ্যখনৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া- জাৰণি গাঁৱতো এতিয়া আৰম্ভ হৈছে লুইতৰ খহনীয়া। বিগত বছৰ সমূহত অভয়াৰণ্যখনক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰি থকা অভয়াৰণ্যখনৰ গাতে লাগি থকা ধনীয়া-জাৰণি নামৰ গাঁওখন এতিয়া ব্যাপক গৰাখহনীয়া কবলত পৰিছে। গাঁওখনৰ অধিকাংশ মাটিকালিয় ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত নিঃচিহ্ন হৈ পৰাত এতিয়া চৰম ভাবুকি নামি আহিছে অভয়াৰণ্যখনলৈ। ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াৰ বাবে যোৱা বছৰ ধনীয়া গাঁৱৰ প্ৰায় সত্তৰটাকৈ পৰিয়ালে গাঁও ত্যাগ কৰাৰ বিপৰীতে এই বছৰ প্ৰায় পঞ্চাশটা পৰিয়ালে গাঁও ত্যাগ কৰিবলৈ বাধ্য হৈছে। চৰকাৰ তথা বন বিভাগৰ দায়িত্বহীন মনোভাৱৰ ফলত এতিয়া গাঁওখনৰ ৰাইজ ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে নৈৰ পাৰত আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰ পূজন। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া গাঁৱক কালৰূপী গৰাখহনীয়া পৰা পৰিত্ৰাণ দিবলৈ ধূপ-দীপ-আৰ্ঘ্যলৈ লৈ বাবা ব্ৰহ্মপুত্ৰক কৰযোৰে প্ৰণাম জনাইছে তীব্ৰ আশংকাৰ মাজত উজাগৰী ৰজনী কটাব লগীয়া হোৱা গাঁওবাসীয়ে।