গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : আগন্তুক ঈদ-উল-ফিটৰ উপলক্ষে অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে এ আই ইউ ডি এফৰ দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃত্তিত সাংসদ আজমলে কয় যে পবিত্ৰ ঈদে সমাজলৈ কঢ়িয়াই আনক শান্তি সম্প্ৰিতি আৰু ভাতৃত্ববোধ৷

আজমলে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি আৰু কয় যে বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোক সকলোকে সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম মানি ঘৰতেই ঈদৰ নামাজ পঢ়ক আৰু নামাজৰ অন্তত বিশ্ব শান্তিৰ লগতে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ পৰা সমগ্ৰহ বিশ্বকে মুক্তি দিবলৈ আল্লাৰ ওচৰত সকলোকে দোৱা কৰিবলৈ আহ্বান জনায়। আজমলে লগতে কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোক সকলৰ সোনকালে আশু আৰোগ্য কামনা কৰি পুনৰ সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, এমাহ পবিত্ৰ ৰোজাৰ অন্তৰ পিছৰ দিনা ইছলাম ধৰ্মাৱলম্বী লোক সকলে ঈদ-উল-ফিটৰ উদযাপন কৰে। এইবাৰ সমগ্ৰহ বিশ্বতে কৰ’ণা ভাইৰাছে তাণ্ডৱ চলাই থকাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোক সকল মছজিদ আৰু ঈদগাহত ঈদৰ নামাজ পঢ়াৰ পৰা বিৰত থাকিব। সকলো লোকে নিজৰ নিজৰ ঘৰতে এইবাৰ ঈদৰ নামাজ পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।