বাক্সা, সংবাদ ৩৬৫, ২৪ মে’ : মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ পৰা চাইকেল চলাই বাক্সাত উপস্থিত গোৰেশ্বৰৰ আঠজনকৈ যুৱক। ইণ্ডোৰৰ এটা ব্যক্তিগত প্ৰতিস্থানত কৰ্মৰত এই আঠজন যুৱকে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে চাইকেল চলাই দেওবাৰে পুৱা প্ৰায় ৩ বজাত উপস্থিত হয় বাক্সাত। পূৰ্বৰ তিনিটা পৰ্যায়ৰ লক ডাউনত দেশবাসী ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল যদিও জনসাধাৰণৰ দুৰ্দশা দেখি চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লক ডাউনত কিছু শিথিলতা প্ৰদান কৰিছে। চৰকাৰে শিথিলতা প্ৰদান কৰাত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোক সকলক ঘৰমুৱা হৈছে।

অসমৰো বহু লোক কৰ্মসূত্ৰেই হওক বা অধ্যয়নৰ বাবেই হওক বা অন্য কোনো কাৰণতেই হওক বহিঃৰাজ্যত আৱদ্ধ হৈ আছিল লক ডাউনৰ সময়ছোৱাত। এতিয়া এই লোক সকলো উভতিবলৈ ধৰিছে অসমলৈ। কোনোবাই যদি চৰকাৰে আৰম্ভ কৰা বিশেষ ৰেল যোগে ঘৰমুৱা হৈছে, কোনোৱেই খোজ কাঢ়িয়ে গৃহ অভিমুখে কৰিছে যাত্ৰা, আন কিছুমানে আকৌ চাইকেল চলাই যাত্ৰা কৰিছে নিজ গৃহ অভিমুখে।

দেওবাৰে পুৱা প্ৰায় তিনি বজাত বাক্সা জিলাৰ গোৰেশ্বৰত সুদূৰ মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ পৰা চাইকেল চলাই বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে আহি উপস্থিত হ’ল আঠজনকৈ যুৱক। জানিব পৰা মতে মধ্যপ্ৰদেশৰ ইণ্ডোৰত এটা ব্যক্তিগত প্ৰতিস্থানত কৰ্মৰত আছিল যুৱক কেইজন। লক ডাউনৰ ফলত প্ৰতিস্থানটোৰ কাম বন্ধ হৈ পৰাত যুৱক কেইজনৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছিল আৰু যুৱক কেইজনে চাইকেল ক্ৰয় কৰি ইণ্ডোৰৰ পৰা অসম অভিমুখে যাত্ৰা আৰম্ভ কৰি অৱশেষত দেওবাৰে উপস্থিত হয় অসমত।

মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ পৰা দেওবাৰে বাক্সাৰ গোৰেশ্বৰত যুৱক কেইজন উপস্থিত হোৱাৰ পিছত গোৰেশ্বৰৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসকে উক্ত আঠজন যুৱকক যাৱতীয় চিকিৎসা প্ৰদান কৰি গোৰেশ্বৰৰ কোৱাৰেইণ্টাইন কেন্দ্ৰত কোৱাৰেইণ্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰিছে।