গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মে’: অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউ দখল কৰিব ডুবাইৰ বজাৰ। বৃহস্পতিবাৰৰ পৰা অসমৰ ৰঙালাউ কাৰ্গো বিমান যোগে ডুবাইলৈ ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে। ঘৰুৱা বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমান বন্দৰত যাত্ৰীসকলৰ বাবে উপলব্ধ ব্যৱস্থাসমূহৰো বুজ ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি লক ডাউন আৰম্ভ হোৱাত স্তব্ধ হৈ পৰিছে দেশৰ বিমান সেৱা। চতুৰ্থ পৰ্যায়ৰ লক ডাউন চলি থকাৰ মাজতে চৰকাৰে ঘৰুৱা বিমান সেৱা পুনৰ আৰম্ভ কৰে। বিমান সেৱা আৰম্ভ হোৱাৰ পিছতে বৃহস্পতিবাৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈআন্তৰ্জাতিক বিমান বান্দৰৰ কাৰ্গো টাৰ্মিনেল চেন্টাৰত ডুবাইলৈ কাৰ্গো বিমান যোগে অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউ ৰপ্তানি প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমৰ কৃষক দ্বাৰা উৎপাদিত সামগ্ৰী সমূহ বৰঝাৰ বিমান বান্দৰৰ কাৰ্গো টাৰ্মিনেল চেন্টাৰৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ইতিমধ্যে ডুবাই, আবুঢাবি, লণ্ডন, হংকং, ছিংগাপুৰ আদি দেশৰ বজাৰ সমূহ অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীয়ে দখল কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালতে বৰঝাৰ বিমান বন্দৰত ভাৰত চৰকাৰৰ সহযোগত তথা ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ তৎপৰতাত কাৰ্গো টাৰ্মিনেল বিল্ডিং নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই কাৰ্গো ৱেৰ হাউছত ৫০ মেট্ৰিকটন কৃষিজাত সামগ্ৰী মজুত কৰাৰ ব্যৱস্থা থাকিব আৰু ইয়াৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিবলৈ ৰাজ্যখনে সক্ষম হ’ব।

মুখ্যমন্ত্ৰীয়ে লগতে বিমান বন্দৰত কভিড-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অলপতে আৰম্ভ হোৱা ঘৰুৱা বিমান সেৱাৰ দ্বাৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা তথা অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা বিমান যাত্ৰীসকলৰ বিভিন্ন পৰীক্ষা তথা পঞ্জীয়ন ইত্যাদিৰ বাবে উপলব্ধ কৰা ব্যৱস্থাৱালীৰ বুজ লয়। বিমান বন্দৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে আৰক্ষীকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল তথা চি আই এছ এফ আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বিষয়াসকল।