নলবাৰী, সংবাদ ৩৬৫, ২৮ মে’ : নলবাৰী জিলাত আছে পানীৰ তলত ডুবি থকা এখন গাওঁ।বছৰৰ প্ৰায়ভাগ মাহেই পানীৰ তলত থাকে গাঁওখন। স্থানীয় বিধায়ক আৰু সাংসদ দিলীপ শইকীয়াৰ গাঁওখনকলৈ কোনো গুৰুত্ব নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ৰাজ্যত এতিয়া চলাইছে বানৰ তাণ্ডৱ। উজনি নামনিৰ ৯ খনকৈ জিলাৰ প্ৰায় ৩০০ গাঁও ডুব গৈ আছে বাঢ়নী পানীত। ৰাজ্যৰ প্ৰায় ৩ লাখ লোক প্ৰভাৱিত হৈ বছৰৰ প্ৰথমটো বানপানীত, পানীৰ তলত আছে কেইবা হাজাৰ হেক্টৰ কৃষিভূমি। ইয়াৰ মাজতে নলবাৰী জিলাৰ এখন গাঁৱৰ ৰাইজ বছৰৰ প্ৰায়ভাগ মাহেই ককবকাই থাকিব লাগে পানীৰ তলত।

নলবাৰী চহৰৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত দিহজাৰী নামৰ গাঁওখনৰ দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰীলৈ যোৱা পথখন বছৰৰ অধিকাংশ সময়ে থাকে পানীৰ তলত। বাৰিষাৰ সময়ত উফন্দী উঠা নৈৰ বাঢ়নী পানী নহয়, এজাক বৰষুণতে পথখন ডুব যায় পানীৰ তলত। বছৰৰ অধিকাংশ সময়ে পথখন পানীৰ তলত থকাৰ ফলত আলৈ অথানি নোহোৱা হৈছে দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰীত থকা পৰিয়াল সমূহৰ। স্থানীয় লোকৰ মতে বিগত দুটা বছৰ ধৰি এই অঞ্চল দুটাত গৰু-মানুহে একলগত সহাৱস্থান কৰিবলৈ বাধ্য হৈ আছে। অঞ্চল দুটাৰ স্থানীয় ৰাইজে বাৰম্বাৰ প্ৰশাসনৰ পৰা সহায় বিচাৰি গৈছে যদিও আজি পৰ্যন্ত ৰাইজে কোনো ধৰণৰ সহাৰি পোৱা নাই প্ৰশাসনৰ ফালৰ পৰা। দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰীৰ পথছোৱাকে ধৰি মানুহৰ ঘৰ পানীৰ তলত থকাৰ উপৰিও গছ-গছনিও মৃত্যু মুখত পৰিছে, অঞ্চলত দুটাত মৃত্যু হৈছে বহু পশুধনৰো। আনকি পানীৰ বাবে অঞ্চলত দুটাত ঘৰ এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে বহু কেতিয়া পৰিয়ালে। অঞ্চলত দুটাত কৃষিভূমিও ডুব গৈ থাকে পানীৰ তলত, পথ-পথাৰ, মানুহৰ ঘৰে সকলোতে কেৱল সাগৰসদৃশ পানী।

ইমান অসহ্যকৰ পৰিবেশৰ মাজত থকাৰ পিছতো কিয় ব্যৱস্থা নলয় প্ৰশাসনে? কিয় ৰাইজৰ দুৰ্ভোগ ভুগাৰ সময়ত খৱৰ লবলৈ সময় নাই বিধায়ক অশোক শৰ্মাৰ? মাথো ভোটাৰ অংকত প্ৰতিশ্ৰুতিৰ বন্যা লৈ যাই নেকি এইসকল জনপ্ৰতিনিধি? আহৰি নাই সাংসদ দিলীপ শইকীয়াৰো। স্থানীয় ৰাইজৰ মতে অঞ্চল দুটা এইদৰে পানীৰ তলত ককবকাই থকাৰ প্ৰধান কাৰণ হৈছে কিছুবছৰ পূৰ্বে গাঁওখনৰ পানী ওলাই যোৱা পথসমূহত বৃহৎ আকৃতিৰ পুখুৰী খান্দি পানী ওলাই যোৱাৰ পথ বন্ধ কৰা। পানী ওলাই যোৱাৰ পথ বন্ধ হৈ পৰাত এতিয়া বছৰ বছৰ ধৰি এইদৰে কৃত্ৰিম বানপানীৰ সমস্যা ভুগিছে ৰাইজে। এতিয়া প্ৰশ্ন হ’ল কেতিয়া এই অঞ্চলত দুটাৰ ৰাইজে পৰিত্ৰাণ পাব কৃত্ৰিম বানপানীৰ পৰা?