গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ: আজিৰে পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্ট গুৱাহাটী চিটী এফ চি (জি চি এফ চি) আৰু অসম ফুটবল সংস্থাৰ সহযোগত আয়োজন কৰা গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আৰম্ভ হয়। এই লীগত চাৰিটা বয়সভিত্তিক গোটৰ (৬ বছৰৰ পৰা ৭ বছৰলৈ/৮ বছৰৰ পৰা ৯ বছৰলৈ/১০ বছৰৰ পৰা ১১ বছৰলৈ/১২ বছৰৰ পৰা১৩ বছৰলৈ) খিতাপৰ বাবে মুঠ ৫৭টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে। লগতে ৮টা দলে অনুৰ্ধ ১৪ গোটতো প্ৰতিদ্বন্দ্বিতা কৰিব। ফুটবলৰ পৰিৱেশ ৰচনাৰ দীৰ্ঘম্যাদী লক্ষ্যৰে মিজোৰাম আৰু মেঘালয়ৰ পিছত উত্তৰ-পূবৰ তৃতীয়খন ৰাজ্য হিচাপে অসমতো পাতনি মেলা হয় সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অভিলাষী প্ৰকল্প বেবী লীগৰ৷ দেওবাৰে গ্ৰেটাৰ বেবী লীগ উদ্বোধনী অনুষ্ঠানত অসম ফুটবল সংস্থাৰ সম্পাদক অংকুৰ দত্ত, জিচিএফচিৰ সহঃ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, ৰংমন দাস, কৌস্তৱ চক্ৰৱৰ্তী, ছানভেলী চিকিৎসালয়ৰ মহাপ্ৰৱন্ধক ৰূপম কটকী আৰু স্প’ৰ্টছক্ৰাফ্‌টৰ সঞ্চালক ডৰিক ৰঞ্জন ডেকা উপস্থিত থাকে। অসমত প্ৰায় চাৰি মাহত প্ৰতি দেওবাৰে এই দলসমূহে লীগ ব্যৱস্থাৰ অধীনত প্ৰতিদ্বন্দ্বিতা কৰিব, যাতে কম বয়সৰ পৰাই তেওঁলোকে পৰ্যাপ্ত প্ৰতিযোগিতামূলক মেচ আৰু জিৰণি লাভ কৰে৷