গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : দেশত প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি পাবলৈ লৈছে কোৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা। শেহতীয়াকৈ মহানগৰ গুৱাহাটীতো কভিড-১৯ আক্ৰান্ত লোক চিহ্নিত হোৱাত গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে এক আতংকৰ পৰিৱেশ সৃষ্টি হৈছে। এনে দুৰ্যোগৰ সময়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হায়াত হাস্পতালৰ কৰ্মচাৰীসকলে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে এদিনৰ দৰমহা।

শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত হায়াত হাস্পতালৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়াই এখন চেকৰ মাধ্যমত অনুদানৰ ধন হিচাপে হাস্পতালখনৰ কৰ্মচাৰী সকলৰ এদিনৰ দৰমহা অৰ্পণ কৰে।ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহৰ ভিতৰত অন্যতম হায়াত হাস্পতালৰ মহাপ্ৰন্ধক পৰাগজ্যোতি দত্তই প্ৰকাশ কৰা অনুসৰি অসম আৰোগ্য নিধিলৈ কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা ১০ লাখ টকা আগবঢ়োৱা হয়। তেওঁ লগতে প্ৰকাশ কৰা অনুসৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহামাৰী ক’ভিড-১৯ প্ৰতিৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰা সাহসী, বিজ্ঞানসন্মত তথা কাৰ্যকৰী ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে হায়াতৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়াই। আনহাতে ব্যক্তিগত খণ্ডৰ এখন হাস্পতালৰ কৰ্মচাৰী সকলে এদিনৰ দৰমহা ১০ লাখ টকাৰ অনুদান আগবঢ়োৱাত সন্তুষ্টি প্ৰকাশ কৰি কৰ্মচাৰীসকলৰ লগতে কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই।