গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : ৰাজ্যত আৰু ৭ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। মুম্বাইৰ পৰা দুদিন পূৰ্বে অসমলৈ অহা কৰ্কট ৰোগী এইবাৰ আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত। আক্রান্ত লোক সকলৰ ভিতৰত তিনি গৰাকী কৰ্কট ৰোগী, এগৰাকী হৃদয় ৰোগত আক্রান্ত কিশোৰী আৰু তিনি গৰাকী কৰ্কট ৰোগীৰ আত্মীয়। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে ৰাজ্যত নতুনকৈ ৭ গৰাকীকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি সদৰি কৰিছে।

ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আক্রান্ত লোকৰ সংখ্যা। এইবাৰ তিনি গৰাকীকৈ কৰ্কট ৰোগীসহ মুঠ ৭ গৰাকী লোক আক্রান্ত হৈছে কভডি-১৯ কৰ’ণা ভাইৰাছত। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিছে কৰ্কট ৰোগীসহ ৭ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি। দুদিন পূৰ্বে মুম্বাইৰ পৰা ৬ খনকৈ বিশেষ বাছ যোগে গুৱাহাটীৰ সৰুসজাই কোৱাৰাইণ্টাইন চেণ্টাৰত উপস্থিত হোৱা ৫৪ গৰাকী কৰ্কট ৰোগীৰ ভিতৰত তিনি গৰাকী কৰ্কট ৰোগী, এগৰাকী ১৩ বছৰীয়া হৃদয় ৰোগত আক্রান্ত কিশোৰীসহ মুম্বাইৰ পৰা কৰ্কট ৰোগী সকলৰ লগত অহা তিনি গৰাকী আত্মীয় কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। নতুনকৈ এই ৭ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাত ৰাজ্যত আক্রান্ত সংখ্যা ৮৬ লৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, বুধবাৰে মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত ১৫ গৰাকীকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। মংৰু সাহানি নামৰ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত এজন লোকৰ সংস্পর্শলৈ অহা ফাঁচী বজাৰৰ ১৫ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছিল।