মৰিগাঁও, সংবাদ ৩৬৫, ৮ আগষ্ট: অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈ পৰিছে মৰিগাঁও জিলা। সঘনাই বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হৈ থকা মৰিগাঁৱত এইবাৰ দুষ্কৃতিকাৰীয়ে অসম কবি সন্মিলনীৰ কেন্দ্ৰীয় সদস্য তথা শিক্ষক হেমন্ত কুমাৰ চুতীয়াৰ মটৰ চাইকেলত অগ্নি সংযোগ কৰিলে। যোৱা ৬ আগষ্ট তাৰিখে মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীত হেমন্ত কুমাৰ চুতীয়াৰ মটৰ চাইকেলত অগ্নি সংযোগ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত হাবিবৰঙাবাৰীৰ সাপ্তাহিক বজাৰৰ সমীপত ৬ আগষ্টৰ দিনা বিয়লি অসম কবি সন্মিলনীৰ কেন্দ্ৰীয় সদস্য তথা শিক্ষক হেমন্ত কুমাৰ চুতীয়াই তেওঁৰ মটৰ চাইকেলখন উক্ত গাঁৱৰ ব্যক্তিৰ পদূলিমুখত থৈ আন এঘৰ ব্যক্তিৰ ঘৰলৈ প্ৰৱেশ কৰাৰ কিছু মূহূৰ্তৰ পাছত চুতীয়াৰ মটৰ চাইকেলখন দাওদাওকৈ জ্বলি উঠা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। ৰাইজে লগে লগে তৎপৰতাত দেখাই মটৰ চাইকেলখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা ৰক্ষা কৰে। স্থানীয় ৰাইজৰ অভিযোগ এয়া কোনো দুষ্কৃতিকাৰীৰ কাৰ্য, কিয়নো উক্ত স্থানত পূৰ্বেও বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ হাবিবৰঙাবাৰী আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে এই ঘটনাৰ উচিত তদন্তৰ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত মিকিৰভেটা থানাৰ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত চলাইছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।