লামডিং সংবাদ ৩৬৫, ৮ আগষ্ট: পুনৰ চলন্ত ৰেলৰ ভিতৰত যৌন নিৰ্যাতনৰ বলি হ’ল এগৰাকী নিস্পাপ যুৱতী । ভাতৃৰ চকুৰ সন্মুখতে নিজ ভগ্নীক যৌন নিৰ্যাতনৰ চেষ্টা চলন্ত ৰেলৰ ভিতৰত এক লম্পট যুৱকৰ। এই লজ্জাজনক ঘটনা সংঘটিত হয় লামডিংত। কিছুদিন পূৰ্বে চলন্ত ৰে’লত এগৰাকী যুৱতী আৰু এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মুহূৰ্ততে বুধবাৰে পুৱতি নিশা গুৱাহাটী-বিজি এক্সপ্ৰেছত ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত লামডিংত এগৰাকী যুৱতীক নিজ ভাতৃৰ চকুৰ সন্মুখতে যৌন নিৰ্যাতনৰ চেষ্টা কৰে মনিপুৰৰ কাৰাইবা উইলছন নামৰ লম্পট যুৱক জনে । লম্পট যুৱক জনে যুৱতী গৰাকীক টনা আজোৰা কৰি থকাৰ সময়তে অন্য যাত্ৰী সকলে যুৱকজনক আটক কৰি গুৱাহাটীত ৰে’ল আৰক্ষীৰ হাতত গতাই দিয়ে । ৰে’ল আৰক্ষীয়ে লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰি যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গুৱাহাটী ৰে’ল আৰক্ষীয়ে যুৱকজনক লামডিং ৰে’ল আৰক্ষীক গতাই দিব।