গুৱাহাটী, সংবাদ ৩৬৫, ৮ আগষ্টঃ বুধবাৰে পুৱাৰ ভাগত মহানগৰীৰ ৰাজপথত দেখা গ’ল বনৰীয়া হাতীৰ মৰ্ণিং ৱাক। আমচাং বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে পুৱা মহানগৰীৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰিলে। মঙলবাৰে নিশাৰ ভাগত আমচাং বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীটোৱে বুধবাৰে পুৱা পাঞ্জাবাৰীৰ দিশেৰে আহি ঘোঁৰামাৰা, ভেটাপাৰা, লখৰা আদি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি ফুৰাত ৰাইজ আতংকিত হৈ পৰে। বন বিভাগে ৰাজপথত মুক্তভাৱে বনৰীয়া হাতীয়ে বিচৰণ কৰি থকাৰ খবৰ পাই বহু চেষ্টাৰ অন্তত বনৰীয়া হাটীটোক গড়ভঙা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়।