সোণতলী, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ: অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত থকা দক্ষিণ কামৰূপৰ সোণতলীৰ পৰা বৰপেটাৰ বহৰিলৈ এক বিপদ সংকুল যাত্ৰাৰে যাতায়ত কৰিব লগীয়া হৈছে ফেৰী যাত্ৰী সকলে। অতিৰিক্ত ভাড়া সংগ্ৰহ কৰাৰ বিনিময়তেই লেছিয়ে মাধমাৰ সোধাই পাৰ ঘাটটোৰ লেছিৰ দায়িত্বত থকা লেছিয়ে ভঙা নাৱেৰে অধিক যাত্ৰী লৈ বিপদ সংকুলভাৱে পাৰাপাৰ কৰাই আহিছে। দৈনিক শ শ পুৰুষ, মহিলা, শিশু, গৰ্ভৱতী মহিলা আদিকে ধৰি প্ৰায় ৩ঘণ্টা জোৰা সময়ছোৱা পথ অতি ভয়ংকৰ ভাবে অতিক্ৰম কৰিব লগীয়া হোৱাত যমৰ যাতনাত ভুগিছে যাত্ৰী সকলে। জল পৰিবহন বিভাগৰ নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি নীতি বহিৰ্ভূতভাৱে হাতে লিখা টিকটেৰে অতিৰিক্ত ভাড়া সংগ্ৰহ কৰি অধিক যাত্ৰী লৈ বিপদ সংকুলভাৱে পাৰাপাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। আভ্যন্তৰিন জল পৰিবহন বিভাগে যোগান ধৰা টিকটৰ সলনি হাতে লিখা টিকটেৰে লেছিয়ে ৫০ টকাকৈ সংগ্ৰহ কৰে প্ৰতিজন যাত্ৰীৰ পৰা ৷ সাধাৰণ যাত্ৰীৰ পৰা ৮ টকাৰ পৰিবৰ্তে ২০ ৰ পৰা ৩০ টকা পৰ্যন্ত আদায় কৰে লেছিৰ কৰ্মচাৰী সকলে।

দীৰ্ঘ দিনৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ যাত্ৰীয়ে এনে ধৰনৰ যমৰ যাতনা ভুগি আহিছে যদিওঁ কোনো ধৰণৰ কাণসাৰ নাই আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ ৷ বিষয়টোৰ উচিত তদন্ত সাপেক্ষে লেছি সকলৰ বিৰুদ্ধে ব্যাৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহব্বান জনাইছে স্থানীয় ৰাইজ তথা যাত্ৰী সকলে ৷