চৰাইদেউ, সংবাদ ৩৬৫, ৩১ আগষ্ট: যোৱা ৩০ আগষ্টত টাই আহোম মহিলা পৰিষদ চৰাইদেউ জিলা সমিতিয়ে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান বগীবিল দলংখন চাওল্যুং চ্যু-কা-ফা সেতু নামেৰে নামাকৰণ কৰাৰ দাবী জনাই চৰাইদেউ জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰাপ্ত বাতৰি অনুসৰি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চ্যুকাফাই মিলা-প্ৰীতিৰ এনাজৰীৰে সাত ৰাজ মাৰি এক ৰাজ কৰি বৰ অসম গঢ়ি থৈ যোৱা নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই মিলাপ্ৰীতিৰ এনাজৰীৰে পুনৰ ভাতৃত্ববোধ আৰু একতাৰ বান্ধোনেৰে অসমীয়া জাতি আৰু সোণৰ অসম গঢ়াৰ প্ৰয়াসেৰে জিলা উপায়ুক্ত মহোদয়ক টাই আহোম মহিলা পৰিষদ চৰাইদেউ জিলা সমিতিয়ে এই স্মাৰক পত্ৰ প্ৰদান কৰে ।