গুৱাহাটী

১৯ অক্টোবৰ

অসম-মিজোৰাম সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগত টেলিফোনযোগে বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ক ঘটনা সংক্ৰান্তত অৱগত কৰাৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগতো টেলিফোনযোগে কথা পাতে।

অসম-মিজোৰাম সীমান্তৰ শেহতীয়া উত্তেজনাময় পৰিস্থিতি সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টেলিফোনযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক অৱগত কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সীমান্তত সংঘটিত হোৱা ঘটনা সম্পৰ্কে প্ৰধানমন্ত্ৰী কাৰ্যালয়ক অৱগত কৰাৰ লগতে গৃহমন্ত্ৰনালায়কো টেলিফোনযোগে অৱগত কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে টেলিফোনযোগে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতেও অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৱলী সম্পৰ্কত বাৰ্তালাপ কৰে।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা বাৰ্তালাপৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে কয় যে অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যই সীমান্তত সংঘটিত উত্তেজনাময় পৰিস্থিতি প্ৰশমনৰ বাবে ফলপ্ৰসু পদক্ষেপ ল’ব লাগে। ৰাজ্য দুখনৰ সীমান্তত শান্তি-শৃংখলা অক্ষুন্ন ৰখা ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰৰ সহযোগিতাৰ কামনাৰ পোষকতা কৰি মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে কয় যে সীমান্তৰ বিবাদ আলোচনা মাধ্যমেৰে সমাধান কৰিব পৰা যায়। সীমান্তত সমস্যা থাকিলেও আলাপ-আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ সূত্ৰ উলিওৱাটো সম্ভৱ।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ এক নতুন পথৰ দিশে অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে। উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত থকা ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় কৰিব লাগিলে বিবাদ এৰাই চলিব লাগিব।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত সহযোগিতা থাকিলেহে ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হৈ পৰিব বুলিও জানিবলৈ দিয়ে। টেলিফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুয়োখন ৰাজ্যৰ মাজত থকা সীমান্তত শান্তি-শৃংখলা অটুট ৰখা ক্ষেত্ৰত ইতিবাচকভাৱে কাম কৰা আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে অসম-মিজোৰাম সীমান্তৰ লায়লাপুলত বর্তমানেও অব্যাহত আছে উত্তেজনাময় পৰিৱেশ। শনিবাৰে নিশাৰ ভাগত অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লায়লাপুলত মিজো দুৰ্বৃত্তই আক্ৰমণ কৰি কেইবাটাও পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰিছিল। মিজো দুৰ্বৃত্তই পেট্ৰল বোমা নিক্ষেপ কৰি অসমৰ লোকৰ বাসগৃহত অগ্নি সংযোগ কৰিছিল। মিজো দুৰ্বৃত্তৰ আক্ৰমণত ৪০ গৰাকীকৈ লোক আহত হৈছিল।