নৱজ্যোতি বৰুৱা

চামগুৰি

১৯ অক্টোবৰ

ফ’ৰলেন নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিক-ঠিকাদাৰৰ বিক্ষোভ। বন্ধ কৰিলে ফ’ৰলেন পথ নিৰ্মাণৰ কাম। অতি শীঘ্ৰে প্ৰাপ্য ধন আদায় নিদিলে আত্মহত্যা কৰাৰ হুংকাৰ। প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

নগাঁও জিলাৰ গোমোঠা গাঁৱত সোমবাৰে পুৱাৰ ভাগতে অৰ্ধশতাধিক ফ’ৰলেন নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিক-ঠিকাদাৰে বিক্ষোভ প্রদর্শন কৰে। ফ’ৰলেন নিৰ্মাণৰ কামত নিয়োজিত পূৰ্বৰ কোম্পানী ‘টি.কে. কনষ্ট্ৰাকচন’ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি শ্ৰমিক-ঠিকাদাৰ সকলে বিক্ষোভ প্ৰদৰ্শন কৰে। ফ’ৰলেন নিৰ্মাণৰ কামত নিয়োজিত পূৰ্বৰ ‘টি.কে. কনষ্ট্ৰাকচন’ শ্ৰমিক-ঠিকাদাৰ সকলৰ বহু লক্ষাধিক টকা অনাদায় কৰি ফ’ৰলেন নিৰ্মাণৰ কামৰ পৰা কোম্পানীটো আঁতৰি যোৱাৰ অভিযোগত শ্ৰমিক-ঠিকাদাৰ সকলে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী শ্ৰমিক-ঠিকাদাৰ সকলে ‘টি.কে. কনষ্ট্ৰাকচন’ৰ ঠাই নতুনকৈ ফ’ৰলেন নিৰ্মাণৰ কাম হাতত লোৱা কোম্পানীটোৰো কাম কিছু সময়ৰ বাবে বন্ধ কৰে ক্ষুব্ধ শ্ৰমিক-ঠিকাদাৰ সকলে। নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চামগুৰিৰ ৰঙাগড়া পৰ্যন্ত ফ’ৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত পূৰ্বে নিয়োজিত আছিল বিতৰ্কিত ‘টি.কে. কনষ্ট্ৰাকচন’ নামৰ কোম্পানীটো।

ইফালে ‘টি.কে. কনষ্ট্ৰাকচন’য়ে অতি শীঘ্ৰে শ্ৰমিক-ঠিকাদাৰ সকলৰ প্ৰাপ্য ধন আদায় নিদিলে আত্মহত্যা কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শ্ৰমিক-ঠিকাদাৰ সকলে। চৰকাৰৰ বিৰুদ্ধেও ক্ষোভ প্রকাশ কৰি শ্ৰমিক-ঠিকাদাৰ সকলে ৰাজপথ উত্তাল কৰি তোলাত প্ৰতিবাদস্থলিত আৰক্ষী উপস্থিতহৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।