গুৱাহাটী, সংবাদ ৩৬৫, ৮ অক্টোবৰ: অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সঞ্চালক মামুদ হাছানে সোমবাৰে আৰক্ষীৰ সন্মুখতে গুণ্ডাগিৰী কৰা পৰিলক্ষিত হয়। গণেশগুৰিস্থিত অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সন্মুখত গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰা গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতিক অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সঞ্চালক মামুদ হাছানে ব্যক্তিগত ভাৱে চাই লম বুলি ভাবুকি প্ৰদান কৰে। অসম সংখ্যালকঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ নেতৃত্বত এ.এন.এম, জি. এন.এম, বি.এছ.চি নাৰ্ছিং, বি. ফাৰ্ম, ডি ফাৰ্ম, লেবৰট’ৰি আদি পাঠ্যক্ৰমৰ বাবে প্ৰথম বাৰৰ বাবে বাচনি কৰা হিতাধিকাৰীৰ তালিকাত গৰিয়া-মৰিয়া জনগোষ্ঠীৰ তিনি শতাংশ ছাত্র-ছাত্ৰীয়ে স্থান লাভ কৰাক কৈ অসন্তুষ্টি প্ৰকাশ কৰে। অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ নেতৃত্বত সংখ্যালঘু বিভাগৰ বিভিন্ন আঁচনিসমূহৰ পৰা গৰিয়া-মৰিয়াকে ধৰি খিলঞ্জীয়া মুছলমান লোকসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে গণেশগুৰিস্থিত অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কার্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। সংখ্যালঘু উন্নয়ন বোৰ্ডৰ এ.এন.এম, জি. এন.এম, বি.এছ.চি নাৰ্ছিং, বি. ফাৰ্ম, ডি ফাৰ্ম, লেবৰট’ৰি আদি পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী সকলৰ বাচনি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীও জনায়। সোমবাৰে চলি থকা এই বাচনি বন্ধ কৰাৰ বাবে প্ৰতিবাদ চলি থকা অৱস্থাত অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সঞ্চালক মামুদ হাছানে গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আশ্রফ আলীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হৈ আৰক্ষীৰ সন্মুখতে আশ্রফ আলীক ব্যক্তিগত ভাৱে চাই লোৱাৰ ভাবুকি প্ৰদান কৰে। সঞ্চালক মামুদ হাছানৰ এনে ব্যৱহাৰত গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকল ক্ষোভিত হৈ পৰে।