নলবাৰী, সংবাদ ৩৬৫, ৮ অক্টোবৰ: অসমীয়াৰ কালশত্ৰুক ৰক্ষণাবেক্ষণ নলবাৰী আৰক্ষীৰ। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা। অপৰাধীক ৰক্ষনা বেক্ষনা দি প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই দেখুৱালে খাকী পোচাকৰ বাহাদুৰী। আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰে পতঞ্জলিৰ বেনাৰ পোষ্টাৰ। উল্লেখ্য যে ৰামদেৱৰ ভক্ত সতীনাথ বাৰালে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱক চৰম অপমান কৰা কাৰ্য্যই দেশজুৰি তীব্র প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সোমবাৰে নলবাৰী চহৰতো সদৌ নলবাৰী ছাত্ৰ সন্হাৰ নেতৃত্বত চলায় পতঞ্জলি হাতাও অভিযান। নলবাৰীৰ কুখ্যাত ভূ মাফিয়া তথা পতঞ্জলিৰ এজেণ্ট অনিল জৈনৰ বাসগৃহৰ সন্মুখত আছুয়ে প্ৰতিবাদ সাব্যস্ত কৰে। অনিল জৈনে দীৰ্ঘদিনে চলাই থকা পতঞ্জলিৰ বেপাৰ বন্ধ কৰাৰ দাবীত সংগঠনটোয়ে সাব্যস্ত কৰে প্ৰতিবাদ। লক্ষণীয় বিষয় যে শান্তিপূৰ্ণ ভাবে গণতান্ত্ৰিক মাধ্যমৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা জাতীয় সংগঠনটোৰ ওপৰত খাকী পোচাকৰ বাহাদুৰি দেখুৱাই জপিয়াই পৰিল নলবাৰী আৰক্ষী প্ৰশাসন ৷ আনকি প্ৰতিবাদকাৰীক পিছফালৰ পৰা গোড় শুধায় খাকী পোছাক ধাৰী আৰক্ষীয়ে। তাৰ পিছতে সৃষ্টি হয় উত্তেজনা পৰিস্থিতিৰ। আৰক্ষীৰ বাধাক নেওচিও সংগঠনটোৱে লণ্ডভণ্ড কৰে পতঞ্জলিৰ বেনাৰ পোষ্টাৰ। আনহাতে প্ৰতিবাদকাৰীৰ ক্ষোভ যে কিহৰ বাবে চৰকাৰ তথা প্ৰশাসনে ৰক্ষনা বেক্ষনা দিছে সতীনাথ বাৰালক। শীঘ্ৰে বেপাৰী বাবা ৰামদেৱৰ ভক্ত বাৰালক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তিৰ দাবী তুলিছে সংগঠনটোৱে ৷লগতে নলবাৰীৰ তথা সমগ্ৰ অসমত পতঞ্জলিৰ সামগ্ৰী বন্ধ কৰাৰ দাৱী তুলিছে আছুৱে৷