বিলাসীপাৰা, সংবাদ ৩৬৫, ৭ অক্টোবৰ: দেওবাৰে গৌতম কনষ্ট্ৰাকচনৰ ঘাইপথ মেৰামতি কাম কাজৰ বিৰুদ্ধে গৌৰীপুৰত অসম মিঞা (অসমীয়া) যুৱ পৰিষদৰ সংবাদ মেল আয়োজিত কৰা হয়। ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীয়ে বিধায়ক হোৱাৰ পিছত তেওঁৰ ভাতৃ গৌতম কনাষ্ট্ৰাকচনৰ নামত পৰোক্ষভাবে ঠিকাৰকাম কৰি বিয়াগোম দূৰ্নীতি সংঘটিত কৰা বুলি অসম মিঞা (অসমীয়া) যুৱ পৰিষদে সংবাদ মেল যোগে অভিযোগ প্ৰকাশ কৰে৷ দেওবাৰে গৌৰীপুৰ বেপাৰীপট্টীস্থিত মিঞা পৰিষদৰ কাৰ্য্যলয়ত ধুবুৰী জিলা মিঞা যুৱ পৰিষদে আয়োজিত সংবাদ মেলত কেন্দ্ৰীয় মিঞা যুৱ পৰিষদৰ সভাপতি আব্দূছ ছালাম মোল্যা আৰু মিঞা পৰিষদৰ ধুবুৰী জিলা সভাপতি মতলেব চৌধৰীয়ে অশোক সিংহীৰ ছত্ৰছায়াত চাপৰৰ পৰা গৌৰীপুৰলৈ বৃহৎ অংকৰ ধনেৰে নিৰ্মান কৰিবলৈ লোৱা ৩১ (নতুন ১৭) নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কামত ভৱাবহ দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে এনে দূৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী ,ধুবুৰী জিলা উপায়ুক্ত, আৰু পৰ্বতঝোৰা মহকুমাধিপতিক মাক্ৰিঝোৰা এলেকাৰ ঘাইপথত সংঘটিত বিয়াগোম কেলেংকাৰীৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ফলপ্ৰসূ নোহোৱা বুলি এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে অতি সোনকালে কামৰ তদন্ত নহলে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষক সকিয়াই দিয়ে।