বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১০ নৱেম্বৰ: নগাওঁ জিনাৰ কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত শনিবাৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। শনিবাৰে বিয়লি ২ বজাত মহাবিদ্যালয়খনৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সভাখনত পৌৰহিত্য কৰে সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক আসন আলীয়ে। আৰু সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰবক্তা বীৰেন মহন্তই। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কোখৰালে সাৰুৱা ভাষণ প্ৰদান কৰি কয় যে, আধুনিক যুগত ছাত্ৰ-ছাত্ৰীয়ে ফেৰ মাৰিবলৈ হ’লে গভীৰ অধ্যয়ন কৰিব লাগিব। তেতিয়াহে তেওঁলোকে নিজ নিজ লক্ষ্যত উপনিত হ’ব পাৰিব। তেওঁ লগতে আৰু কয় যে, ছাত্ৰ-ছত্ৰী সকলে অকল বিদ্যালয়ৰ পাঠ্যপুৃথিত আৱদ্ধ নাথাকি বাহিৰা কিতাপ পঢ়িও জ্ঞান অৰ্জন কৰিব লাগিব। সভাখনত উপস্থিত থাকি বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সম্পাদক নাতুমনি গোস্বামীয়ে কয় যে,প্ৰত্যেকজন ছাত্ৰ-ছত্ৰীৰে একো একোটা সপোন থাকে। সপোনেহে ছাত্ৰ-ছত্ৰীক একো একোজন ডাক্তৰ ,ইঞ্জিনীয়াৰ,শিক্ষক হোৱাত সহায় কৰে ৷সভাখনত কটহগুৰি মহাবিদ্যালয়ৰ অধক্ষ্য খাইৰুল ইছলাম ,কনিষ্ঠ মহাবিদ্যালয়ৰ অধক্ষ্য আব্দুল কাদিৰ জোদ্দা ,কটহগুৰি বাণিজ্য মহাবিদ্যালয়ৰ অধক্ষ্য মিৰাজ আলীকে আদি কৰি বহু কেইজন বক্তাই সাৰুৱা ভাষন আগবঢ়াই। উল্লেখ্য যে,সভাখন অনুষ্ঠিত হোৱাৰ আগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছত্ৰীৰ দ্বাৰা এক মুখা অভিনয় প্ৰদৰ্শন কৰা হয়। প্ৰাক্তন ছাত্ৰ আবুল হুছেইনে পৰিচালনা কৰা অভিনয়টোত ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰে ৷অনুষ্ঠানটোত কটহগুৰি মহাবিদ্যালয়ৰ অধ্যাপক আশ্ৰব ৱাহিদ ,প্ৰবক্তা ইকবাল হুদা , এহিয়া খান ,অধ্যাপক ৰবীন বৰদলৈ ,সাংবাদিক জালাল উদ্দিন আহমেদকে আদি কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছত্ৰী উপস্থিত আছিল ৷