বিলাসীপাৰা, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত টিলাপাৰা সন্তেষপুৰ গাঁৱত ১ চেপ্তেম্বৰত আকস্মিক ভাৱে উচ্ছেদ অভিযানে ভাঙি লৈ যায় ডেৰশ পৰিয়ালৰ ঘৰ বাৰী। প্ৰায় অৰ্ধ মাহ ধৰি ডেৰশ পৰিয়ালে উচ্ছেদ অভিযানত ঘৰ বাৰী হেৰুৱাই মুকলি আকাশৰ তলত প্ৰখৰ ৰ’দ বৰষুণৰ মাজেৰেই জীৱন যাপন কৰিব লগীয়া হৈছে। এই লোকসকলৰ কোনো খোৱা-লোৱা, প্ৰস্ৰাৱ পায়খানাৰ ব্যৱস্থা নাই, পশু পক্ষীৰ দৰে জীৱন নিৰ্বাহ কৰি থাকিব লগীয়া হৈছে। স্কুলীয়া ল’ৰা ছোৱালীবোৰৰ কোনো পঢ়া-শুনাৰ ব্যৱস্থা নাই। এইক্ষেত্ৰত মানৱদৰদী নেতা মৌলানা বদৰুদ্দিন আজমল গোটৰ বাহিৰে সকলো দল, সংগঠন, চৰকাৰ, জন প্ৰতিনিধিয়ে নিষ্ঠুৰতা অৱলম্বন কৰি থকা দেখা গৈছে। ইতিমধ্যে উচ্ছেদিত পৰিয়াল সকলক লৈ আজমল ফাউণ্ডেশ্যন, জমিয়ত, মাৰ্কাজুল মাৰিফ তৰফৰ পৰা তিৰ্পাল চাউল ডাইল তেল লৱণ আদি সাহাৰ্য্য প্ৰদান কৰে। উচ্ছেদ পৰিয়ালৰ বিননি শুনিবলৈ কোনো নাই। চৰকাৰে যাতে উচ্ছেদ পৰিয়ালৰ পুৰ্ণ সংস্থাপন আৰু সাহাৰ্য্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ভূক্তভোগী পৰিয়ালে।