গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুলাইঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ-ৰাজবংশী সকলক জনজাতিকৰনৰ দাবীত আক্ৰাছু , সদৌ কোচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই সোমবাৰে আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বঙাইগাঁও জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে। জিলাখনৰ সদৰ বঙাইগাঁও চহৰকে ধৰি নিউ বঙাইগাঁও, অভয়াপুৰী, সৃজনগ্ৰাম, তুলুঙীয়া, উত্তৰ শালমাৰা, বৰঘোলা অঞ্চলত বন্ধৰ ফলত জনজীৱন ব্যাহত হৈ পৰাৰ লগতে জিলা সদৰ বঙাইগাঁৱৰ দোকান-পোহাৰ, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, বেচৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। জিলাখনত চৰকাৰী কাৰ্যালয় সমূহ খোলা থাকে যদিও কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত অভয়াপুৰী চহৰত আক্ৰাছুৰ কৰ্মীসকলে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ মুৰ্দাবাদ বিভিন্ন চৰকাৰবিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।আনহাতে বৰপেটা জিলাৰ বৰপেটাৰোডত বন্ধৰ সময়ছোৱাত হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। বন্ধ সমৰ্থকৰ দ্বাৰা সংবাদ কৰ্মীক আক্ৰমণ। বন্ধ সমৰ্থক সকলে ৰাজপথৰ ওপৰত গাড়ীত শিলগুটি নিক্ষেপ কৰি আক্ৰমণ চলোৱাৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা প্ৰতিদিন টাইমৰ কেমেৰা পাৰ্ছন ৰাজু শীলক আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। বন্ধ সমৰ্থকৰ আক্ৰমণত হাত আৰু মূৰত আঘাতপ্ৰাপ্ত হোৱা সংবাদ কৰ্মীগৰাকীক বৰপেটাৰোড চিভিল হাস্পাতালত চিকিৎসা প্ৰদান কৰা হয়। সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনাক বৰপেটা প্ৰেছ ক্লাৱ, বৰপেটাৰোড প্ৰেছ ক্লাৱ আৰু অসম জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাজ্যিক সম্পাদকে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক অতি শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়।