আনিছুৰ

গৌৰীপুৰ

১২ জানুৱাৰী

ধুবুৰী জিলাৰ আগমনীত ভয়াবহ পথ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক।

ধুবুৰী জিলাৰ আগমনীৰ ৰতিয়াদহত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা৷ মালবাহী ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় দুজনকৈ লোক। এএছ-১৮-৯৩৭৬ নম্বৰৰ দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় দুই বাইক আৰোহী। নিহত বাইক আৰোহী দুজন ঝাপুসাবাৰী দ্বিতীয় খণ্ড গাঁৱৰ আব্দুল আজিত আৰু আৰিফ আলী বুলি জানিব পৰা গৈছে।

সম্প্ৰতি ঘটনাস্থলীত আগমনী আৰক্ষী উপস্থিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসাললৈ প্ৰেৰন কৰে। নিশাৰ ভাগত ঘন কুঁৱলীৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।