গোসাঁইগাঁও, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ: জনস্বাস্থ্য কাৰিকৰি বিভাগৰ স্বচ্ছতা সেৱা ২০১৮, মিছন আৰু অসমত মিছন ১০০ আঁচনিৰ অধিনত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ ২ নং শ্ৰীৰামপুৰ গাঁৱত পাইপ পানী যোগান কেন্দ্ৰটো শনিবাৰে সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হয়। উক্ত পানী যোগান কেন্দ্ৰটোৰ উদ্বোধন কৰে স্হানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে। সেই উপলক্ষ্যে ২নং শ্ৰীৰামপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। শ্ৰীৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেঞ্জামিন মুৰ্মুৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্হানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত নিৰঞ্জন বৰুৱা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ, বহুতো বিষয়া কৰ্মচাৰী উপস্থিত থাকে।