গুৱাহাটী, সংবাদ ৩৬৫, ২৬ আগষ্ট: দেওবাৰে আজাৰা সভা ঘৰত কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটৰ উপস্থিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভা অনুস্থিত কৰা হয়। সভাত উপস্থিত থাকে ক্ৰমে ৰিপুন বৰা, দেৱব্ৰত শইকীয়া, ৰেকিবুদ্দিন আহমেদ, মানস বৰা, অংকিত দত্ত আৰু যুৱ কংগ্ৰেছৰ লগতে বহু ৰাজনৈতিক নেতা উপস্থিত থাকে। সভাত হৰিশ ৰাৱাটে “বিজেপি চৰকাৰ হিচাপ দিয়া, উত্তৰ দিয়া শীর্ষক গ্ৰন্থখনি উন্মোচন কৰে। কেন্দ্ৰত কংগ্রেছক আঁতৰাই বিজেপিয়ে চৰকাৰ গঠন কৰি গাদী দখল কৰিলে। নিৰ্বাচনৰ পূৰ্বে ৰাইজক বহু প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল। বিগত ৪ বছৰে বিজেপি চৰকাৰখনে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ ক’ত কেনেদৰে পালন কৰিলে তাৰ হিচাপ বিচাৰি কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটে তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰখন মিছলিয়া চৰকাৰ বুলি অভিযোগ কৰে।