কলগাছিয়া, সংবাদ ৩৬৫, ২৭ আগষ্ট: কলগাছিয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খন্দকাৰ আনোৱাৰ হুছেইন নামৰ শিক্ষকজনক দেওবাৰে নিশা ৭/৮ জনীয়া দুৰ্বৃত্তৰ দল এটাই আক্ৰমণ কৰা ঘটনাই কলগাছিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দেওবাৰে নিশা কলগাছিয়া চিনেমা হলৰ ওচৰত থকা কলগাছিয়া বজাৰত শিক্ষকজনে নিজৰ চাৰিচকীয়া বাহনৰ পৰা নামিব লোৱাৰ মুহূৰ্ততেই হাতত লাঠী, ৰড, হাতুৰী আদি মাৰানস্ত্ৰ লৈ হঠাতে কৰবাৰ পৰা অহা ৭/৮ জনীয়া দুৰ্বৃত্তৰ দলটোৱে শিক্ষকজনক আক্ৰমণ কৰি নগদ ৫০ হাজাৰ টকা আৰু লগত থকা মোবাইলটো লৈ পলায়ন কৰে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত শিক্ষক গৰাকীক উদ্ধাৰ কৰি গুৰুতৰভাবে আঘাত পোৱাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। ইয়াৰ পূৰ্বেও শিক্ষক গৰাকীক আক্ৰমনকাৰীয়ে বাৰ বাৰ মৃত্যুৰ ভাবুকি দিছিল বুলি জানিবলৈ দিয়ে শিক্ষক গৰাকীয়ে। এইখিনিতে প্ৰশ্ন হয় যে দিনে নিশাই পহৰা দি থকা আৰক্ষীৰ চকুত ধূলি মাৰি কেনেকৈ এনেকুৱা কাৰ্য সংঘটিত কৰে দুস্কৃতিকাৰীয়ে।