শিমলুগুৰি, সংবাদ ৩৬৫, ২৬ আগষ্ট: মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকনে। সভাত উপস্থিত থাকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰে সংগঠনটোৰ নীতি, অাদৰ্শৰ লগতে বৰ্তমান অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক অাদি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰে। লগতে সভাত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰিতুমনি হাজৰিকা, সহকাৰী সাধাৰণ সম্পাদক অাছিফ ইছলামৰ লগতে শিমলুগুৰিৰ অাঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লক্ষী শইকীয়া উপস্থিত থাকে। এই সভাতেই সৰ্ব-সন্মতি মৰ্মে বিৰাজ গগৈ অাৰু ৰুবুল অালীক যুটীয়া সভাপতি, অাজমল অালী, পল্লৱ গগৈক কাৰ্য্যকৰী সভাপতি, ৰাজা গগৈ অাৰু বিকাশ ফুকনক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২৮ জনীয়া নাজিৰা মহকুমা সমিতি গঠন কৰা হয়।