মুছলপুৰ, সংবাদ ৩৬৫, ১৫ ডিচেম্বৰ: মহিলা সৱলীকৰণৰ ওপৰত ভিত্তি কৰি বৃহস্পতিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৱৰ্তী উত্তৰ অহোপা প্ৰাথমিক বিদ্যালয়ত এছ বি আই ফাউণ্ডডেছনৰ সহযোগত গ্ৰাম সেৱকৰ এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনত এছ বি আই ফাউণ্ডডেছনৰ প্ৰজেক্ট মেনেজাৰ দেৱলীনা নাগে বক্তৃতা প্ৰদান কৰি কয় যে “অসমৰ মহিলাসকল অতিকৈ সহজ-সৰল। নিজৰ পৰিশ্ৰমেৰে দুবেলা দুমুঠিকৈ খাব পৰা এটা মন আছে। বৃত্তিমুখী শিক্ষাৰ প্ৰতিও অসমৰ মহিলাসকলৰ প্ৰবল ধাউতি আছে”। আৰু লগতে দেৱলীনা নাগে কয় যে অসমৰ গাঁৱৰ মহিলাসকলে এছ বি আইৰ অৰ্থ সাহায্য লৈ তেওঁলোকে ভিন্ন ধৰণৰ বৃত্তিমুখী কামত যেনে বোৱা-কটা শিল্প, কাটিং, হাঁহ-কুকুৰা পালন আদি কামত স্ব নিয়োজিত হৈ স্ব নিৰ্ভৰশীল হোৱাৰ লগতে নিজৰ পৰিয়ালৰ সদস্যসমূহকো আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব পাৰিব। গতিকে এতিয়াৰ পৰা ঘৰৰ চাৰি দুৱাৰৰ মাজত মহিলাসকল আবদ্ধ নাথাকি নিজ কৰ্ম কৰি স্বাৱলম্বিতাৰ দিশলৈ আগবাঢ়ি যাব লাগিব বুলি কৈ তেওঁ বক্তৃতা শেষ কৰে। উক্ত সভাখনত এছ বি আইৰ প্ৰজেক্ট মেনেজাৰ সোনাক্ষী গোস্বামী, সমাজকৰ্মী অংকুৰজ্যোতি অধিকাৰী, ক্ষেত্ৰ কৰ্মী কামেশ্বৰ বড়ো, সমাজকৰ্মী তিৰ্কী আদি উপস্থিত থাকে।