গুৱাহাটী, সংবাদ ৩৬৫, ১৬ অক্টোবৰ: “সৃষ্টি স্থিতিবিনাশানাং শক্তিভূতে সনাতনী, গুনাশ্ৰয়ে গুনময়ে নাৰায়নী নমোহস্তুতে”। আজি মহাসপ্তমী। চৌদিশে প্ৰাণোচ্ছল পৰিবেশ। উখল-মাখল পথাৰত এতিয়া সেউজীয়া ধল। দুৰ্গোৎসৱকলৈ পাৰ ভগা উছাহৰ লগতে চৌদিশে উখল-মাখল পৰিবেশ। আজি মহাসপ্তমীৰ দিনা সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দেৱী দুৰ্গাৰ পূজা অৰ্চনা উলহ মালহেৰে পালন কৰা হৈছে। মহাসপ্তমী উপলক্ষে মহানগৰী গুৱাহাটীৰ বিভিন্ন দুৰ্গা মন্দিৰ সমূহত পুৱাৰে পৰা ভক্তৰ লানি নিছিঙা ভিৰ দেখা পৰিলক্ষিত হৈছে। মহানগৰীৰ কামাখ্যা মন্দিৰত মা দূর্গাৰ আশীৰ্বাদ বিচাৰি হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। মা দূর্গাৰ আশীষ বিচাৰি মহানগৰীৰ অন্যান্য দুৰ্গা মন্দিৰ সমূহত পুৰুষ, মহিলা, শিশু, বৃদ্ধ আদিকে ধৰি সকলোৱে ভিৰ কৰা পৰিলক্ষিত হয়। ভক্তসকলে ধূপ ধূনা জ্বলাই মা দূর্গাৰ আশীষ বিচৰাৰ লগতে দুৰ্গা মন্দিৰ সমূহৰ প্ৰাঙ্গনত ভক্তি বন্দনাৰে মুখৰিত হৈ পৰে।