দ:শালমাৰা, সংবাদ ৩৬৫, ১৭ অক্টোবৰ: হাজাৰ মিছা কথাৰ ফুলজাৰী জ্বলাই উন্নয়নৰ শ্লোগান গাই চৰকাৰ গঠন কৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ উন্নয়নৰ নগ্ন ৰূপ দেখিবলৈ পোৱা গল অসম মেঘালয় সংলগ্ন দঃশালমাৰা কলাবাৰী কাঠমেল দলঙত। উক্ত ৫০০ মিটাৰ দীঘল দলঙ খনেৰে দৈনিক লক্ষ্য লক্ষ্য মানুহে বিপদসংকুল যাত্ৰা অতিবাহিত কৰি মৰণক শৰণ দি আহিছে। উল্লেখ্য যে  ২০১৫ চনত ছি এম ইছপেছিয়াল পেকেজৰ পৰা কেইবা কোটি টকা দলংখনৰ নামত আবন্টন হৈছিল যদিও ঠিকা লাভ কৰা হাইটেক কোম্পানীয়ে কাম কৰিবলৈ ব্যৰ্থ হোৱাত দ:শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দলংখনৰ ওপৰত বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ঠিকা লাভ কৰা হাইটেক কোম্পানীক সকীয়নি দিয়ে আৰু অনতিপলমে দলঙ খনৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনায়। ইতিমধ্যে বহুতো যাতায়তকাৰীয়ে দলঙৰ ওপৰেৰে যাতায়ত কৰোতে হাত ভৰি ভাঙি চিকিৎসা হব লগা হৈছে। ইফালে দঃশালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধেও যাতায়তকাৰী ক্ষোভিত হৈ পৰে। মন কৰিবলগীয়া কথা যে দলংখনৰ এনেকুৱা বিপদমুখী অৱস্থা দেখি যিকোনো মুহূৰ্তত মৃত্যু অনিবাৰ্য।