তামুলপুৰ, সংবাদ ৩৬৫, ১৬ অক্টোবৰ: বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰু নাগ্ৰিজুলিত “গ্ৰাম্য বিকাশ মন” নামৰ এটা বে-চৰকাৰী সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপ আগবঢ়ায়। দূর্গাপূজাস্থলীত জনসাধাৰণৰ মন আৰু মগজু জুৰ পেলাবলৈ “গ্ৰাম্য বিকাশ মন” নামৰ বেচৰকাৰী সংস্থাটোয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। জানিব পৰা মতে কুমাৰীকাটা আৰু নাগ্ৰিজুলি দুৰ্গাপূজাস্থলীত শাৰদীয় শুভেচ্ছাৰে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰি দেখুৱাইছে মহানুভৱতা। উল্লেখ্য যে যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে তেনে সময়তে বে-চৰকাৰী সংস্থাটোৱে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰি দেখুৱাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। মঙ্গলবাৰে পুৱা সোণালী জয়ন্তী বৰ্ষ গৰাকা কুমাৰীকাটা দূৰ্গা পূজাস্থলীত বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ কৰে “গ্ৰাম্য বিকাশ মন” নামৰ সংস্থাটোৰ সভাপতি আলাউদ্দিন আহমেদে।