জুৰীয়াৰ পৰা শিবেন্দু বৰা, সংবাদ ৩৬৫, ২৯ জুন : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত জুৰীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাবলৈ সোমবাৰে জুৰীয়া সংবাদ ক্লাৱৰ উদ্যোগত এক সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন কৰা হয়৷

কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক জুৰীয়া জুনিয়ৰ কলেজত আয়োজিত সম্বৰ্ধনা কাৰ্যসূচীত জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াই এখনিকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখনকৈ অভিধান প্ৰদান কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ অভিযন্তা তথা জুৰীয়াৰ জীয়াৰী মৌচুমী কাকতি৷ মৌচুমী কাকতিয়ে কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক ৯ হাজাৰ টকা আগবঢ়ায়। জুৰীয়াৰ এজন সমাজ সচেতন সেৱক শ্যামল দেৱনাথে ছাত্ৰ-ছাত্ৰী সকললৈ শুভেচ্ছা জনাই ছাত্ৰ-ছাত্ৰী সকলক দুই হাজাৰ টকা প্ৰদান কৰে৷ আৰ্থিক দিশত পিছপৰা ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মূখীন হ’লে। মৌচুমী কাকতি আৰু শ্যামল দেৱনাথে সকলো ধৰণৰ সহায়-সহযোগ প্ৰদান কৰাৰ বাবে প্ৰস্তুত বুলিও সম্বৰ্ধনা কাৰ্যসূচীত জানিবলৈ দিয়ে।

উক্ত সম্বৰ্ধনা কাৰ্যসূচীত জুৰীয়া সংবাদ ক্লাৱৰ সভাপতি উত্তম বৰা, সম্পাদক ফজলুল হকৰ উপৰি সংবাদ ক্লাৱৰ বহু সদস্য উপস্থিত থাকে৷