জনীয়া, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: বৰপেটা জিলাৰ জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি শনিবাৰে সন্ধিয়া জনীয়া মণ্ডল কংগ্ৰেছৰ কার্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ কৰ্মীয়ে অভিযোগ কৰা মতে, ১৩ নং জনীয়া জিলা পৰিষদৰ সদস্য পদত জনীয়াৰ বিধায়ক আব্দুল খালেকে এনে এজনক প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে যিয়ে বিধায়কৰ লগত ছেলফি মৰাৰ বাদে কোনো দৃষ্টান্ত মূলক কাম কৰা দেখা নাই। দুখীয়াৰ ঘৰৰ পইচা আত্মসাৎৰ উপৰিও বীমা কেলেংকাৰী আৰু অনেক পৰ্বতসম দূৰ্নীতিৰে জৰ্জৰিত প্ৰাৰ্থীজন। গতিকে তেনে ব্যক্তি এজনৰ প্ৰাৰ্থীত্ব সহজভাৱে ল’ব পৰা নাই কংগ্ৰেছ দলৰেই এটা মহলে। আনকি জনীয়া মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু দুই এজন মধ্যভোগীক নিয়োগ কৰি লাখ লাখ টকাত টিকট বিক্ৰী কৰাৰ অভিযোগ খোদ কংগ্ৰেছ দলৰ কৰ্মীৰ। একাংশ কৰ্মীয়ে জানিবলৈ দিয়া মতে এটা ৱাৰ্ড মেম্বাৰৰ টিকটো দুই লাখ পৰ্যন্তলৈ বিক্ৰী হৈছে বুলি ৰাইজৰ মুখে মুখে প্ৰচলিত হোৱাৰ লগতে জনীয়া গাওঁ পঞ্চায়তৰ টিকট এঘাৰ লাখ টকা বিক্ৰীৰ খবৰে সকলোৰে চকু কপালত তুলিছে। যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে সন্ধিয়া জনীয়া মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মী সকলেই আব্দুল খালেক গ’বেক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে কংগ্ৰেছ দলৰ পৰা বঞ্চিত প্ৰাৰ্থীৰ পৰা বিকল্প প্ৰাৰ্থী বাচনি কৰি আব্দুল খালেকে টিকট বিক্ৰী কৰাৰ দৰে দূৰ্নীতিৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰাৰ চেষ্টা চলাই থকা হৈছে।