বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: দেওবাৰে নগাওঁ জিলাৰ বটদ্ৰৱাস্থিত জামতলত ড: কালামচ ইন্সটিটিউট অফ এডভান্চ ষ্টাডিচৰ সৌজন্যত নাৰী সবলীকৰণ আৰু গুৰুত্ব শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানটোৰ অধক্ষ্য আনচাৰুল হকে আত ধৰা সভাখনত বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰৱক্তা দিলীপ ভূঞাই কয় যে- নাৰী অবিহনে এখন সমাজ আগুৱাই যাব নোৱাৰে। নাৰী অবিহনে যিদৰে এখন ঘৰ পূৰ্ণ নহয়, ঠিক একেদৰে নাৰীক সকলো সময়তে সমান অধিকাৰ দিব পাৰিব লাগিব ৷ তেওঁ লগতে আৰু কয় যে- প্ৰতিগৰাকী নাৰীৰে একো একোটা লক্ষ্য আৰু উদ্দেশ্য থাকিব লাগিব ৷ তেতিয়াহে তেওঁ সমাজক নিজৰ আদৰ্শৰে আগুৱাই নিব পাৰিব ৷ উক্ত অনুষ্ঠানটোত ইন্সটিটিউটৰ মূখ্য উপদেষ্টা নিতুমনি গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত শিক্ষক ৰুহুল আমিন, নাছিৰ উদ্দিন, সাংবাদিক মোজাম্মেল খান, জোৱেল আহমেদ, নজৰুল ইছলামৰ লগতে মোবাৰক হুছেইন আৰু অঞ্চলটোৰ প্ৰায় দুইশতাধিক নাৰী পুৰুষ উপস্থিত আছিল ৷