নগাঁও, সংবাদ ৩৬৫, ২১ জুলাইঃ পুনৰ জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ। চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত নগাঁও জিলাৰ চামগুৰিৰ আমনিত শনিবাৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালৰ লগতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰে। অতিশীঘ্ৰে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান নকৰিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আটছাৰ নেতা সকলে। আটছাৰ প্ৰতিবাদৰ সময়ত আমনিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জটৰ সৃষ্টি হয়।