ৰৌতাৰ পৰা আব্দুল আৱাল,সংবাদ৩৬৫ , ২১ জুলাইঃ শিক্ষা ব্যৱস্থাত কাৰিকৰী শিক্ষাৰ অভাৱ। নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে লালপুলস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ অতুলনীয় পদক্ষেপ। যদিহে আমাৰ শিক্ষা নীতিয়ে শিক্ষাৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই বৃত্তিমুখী শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰ আভাস দিয়া হলে আজিৰ দিনত হয়তো এই বৃহৎ সংখ্যক নিবনুৱা সমস্যাই দেখা নিদিলে হয় । আৰু এই নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি যুৱক যুৱতী সকলক বৃত্তিমুখী শিক্ষাৰে শিক্ষিত কৰি তোলাৰ লগতে কাৰিকৰী দিশত প্ৰশিক্ষিত কৰি নিবনুৱা সকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে দৰং-ওদালগুৰি ওদালগুৰিৰ সীমান্তৱৰ্তি লালপুলস্থিত ২৩ নং সীমান্ত সুৰক্ষা বাহিনী(এছ এছ বি)য়ে যোৱা ১৯ জুলাই তাৰিখে ওদালগুৰি সংগীত নাট্য বিদ্যাপিঠত ৬০ দিনীয়া এটি প্ৰশিক্ষণ শিবিৰ মুকলি কৰে । দুই মহীয়া প্ৰশিক্ষণ শিবিৰটোৰ জৰিয়তে অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতী সকলক দুচকীয়া বাহন মেৰামতি, নৃত্য- গীতৰ লগতে অন্যান্য দিশত প্ৰশিক্ষণ দি নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ পথ মুকলি কৰি দিয়াৰ লক্ষ্যৰে প্ৰশিক্ষণ শিবিৰটো মুকলি কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । উক্ত প্ৰশিক্ষণ শিবিৰ শুভাৰাম্ভ অনুষ্ঠানত এছ এছ বিৰ ডি আই জি কে.চি বিক্ৰমে অঞ্চলটোৰ যুৱক যুৱতী সকলক শিবিৰটোৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।